Wednesday, 3 June 2020

World Bicycle Day (বিশ্ব চাইকেল দিৱস)




     ৩ জুনৰ দিনটো ২০১৮ ইং বৰ্ষৰ পৰা বিশ্ব চাইকেল দিৱস গোটেই বিশ্বতে পালন কৰা হৈ আহিছে। ২০১৮ ইং বৰ্ষৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৩ জুন বিশ্ব চাইকেল দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। ৰাষ্ট্ৰসংঘই অনুপম, সৰ্বদক্ষ, দীৰ্ঘদিনৰ বাবে বিগত দুটা শতিকাৰ পৰা ব্যৱহাৰ কৰি অহা সৰল, নিৰ্ভৰযোগ্য, চাফ, বহনক্ষম আৰু পৰিৱেশৰ অনুকুল যাতায়ত ব্যৱস্থা হিচাপে চাইকেলৰ মহত্ব পৰিলক্ষিত কৰি বিশ্ব চাইকেল দিৱস ঘোষণা কৰিছিল।

  আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামাজিক বিজ্ঞানৰ অধ্যাপক লেছজেক চিবিলস্কিৰ নেতৃত্বত তৃণমূল পৰ্যায়ৰ পৰা ৰাষ্ট্ৰসংঘত প্ৰস্তাবিত বিশ্ব চাইকেল দিৱসৰ সমৰ্থনত প্ৰচাৰ অভিযান চলায়। এই প্ৰচাৰ অভিযানত তাৰ্মেনিস্তানৰ লগতে আন ৫৬ দেশে সমৰ্থন কৰিছিল। বিশ্ব চাইকেল দিৱসৰ নীলা বগা প্ৰতীক চিহ্নৰ চানেকি আইজাক ফেল্ডে বনাইছিল।

   চাইকেল মানৱ জীৱনৰ প্ৰগতিৰ লগতে সহনশীলতা, আত্মীয় বুজাপৰা, সন্মান তথা সামাজিক অন্তৰ্ভুক্তিৰ এক প্ৰতীক স্বৰূপ। ডেকা, বুঢ়া, সৰু ল'ৰা বা ছোৱালী সকলোৱে যাতায়তৰ বাবে চাইকেল চলাব পাৰে।  যাতায়তৰ মাধ্যম হিচাপে চাইকেল পৰিৱেশৰ উপযোগী হোৱাৰ লগতে ই বেমাৰ নিৰাময়ৰো কাৰক। মাংসপেশীৰ ব্যায়াম হোৱাই নহয় নিয়মিত চাইকেল চলোৱা মধুমেহ ৰোগৰ বাবেও উপযোগী। 

No comments:

Post a Comment

Back To Top