আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰতি বছৰে ২১ জুন তাৰিখত গোটেই বিশ্বতে উদযাপন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তাৱ পোণপ্ৰথমে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২০১৪ ইং বৰ্ষৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত দিছিল। ২১ জুন দিনটো উত্তৰ অক্ষাংশৰ গোটেই বৰ্ষৰ ভিতৰত আটাইতকৈ দীঘল দিন বুলি মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষনত জানিব দিয়ে। ৰাষ্ট্ৰসংঘই ২০১৪ ইং বৰ্ষৰ ১১ ডিচেম্বৰত উক্ত প্ৰস্তাৱটো গ্ৰহণ কৰি ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে। এই ঘোষণাৰ পিছতে ২০১৫ ইং বৰ্ষৰ পৰা গোটেই বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰি অহা হৈছে। ১৭৭ খনতকৈও অধিক দেশে এই যোগ দিৱসৰ সমৰ্থন কৰিছিল। ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ আয়ুস মন্ত্ৰালয়ে যোগ দিৱস উদযাপন কাৰ্যসূচী ৰূপায়ন কৰাৰ নোডেল এজেণ্ট হিচাপে কাম কৰি আহিছে।
শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে যোগৰ অভ্যাস ভাৰতবৰ্ষত ৫০০০ বছৰতকৈও আগৰে পৰা কৰি অহা হৈছে। অতীজৰে পৰা মনৰ শান্তিৰ বাবে ভাৰতবৰ্ষৰ মানুহে বিশেষকৈ ঋষি মুনি সকলে ধ্যানৰ অভ্যাস কৰি আহিছিল। ভগৱান শিৱক আদিযোগী অৰ্থাৎ প্ৰথম যোগী আৰু যোগৰ উৎপত্তি কৰ্ত্তা বুলি জনা হয়। তেওঁৰ এই উৎপত্তিক পৰৱৰ্তী সময়ত ঋষি মুনি সকলে সমাজৰ মাজলৈ লৈ যায়।
যোগ অভ্যাস শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অতি উপযোগী। যোগৰ অভ্যাসে ব্যক্তিৰ শৰীৰ সবল, সুদৃঢ়, আৰু সক্ৰিয় কৰি ৰাখে। নিয়মীয়াকৈ যোগ অভ্যাস কৰি শৰীৰৰটোক বিভিন্ন শাৰীৰিক ৰোগ যেনে - ৰক্তচাপ, মধুমেহ, স্নায়ু ৰোগ, হৃদৰোগ, এজমা ইত্যাদিৰ পৰা সুস্থ ৰখাৰ লগতে বিভিন্ন মানসিক ৰোগ যেনে - উদ্যমহীনতা, মানসিক চাপ ইত্যাদিৰ পৰাও ৰক্ষা পৰিব পাৰি।
No comments:
Post a Comment